81+ Assamese Heart Touching Quotes 2023 | Heart Touching Quotes in Assamese

Assamese Heart Touching Quotes – It is critical to be inspired by everyone we meet in life. It has the ability to alter our thoughts and feelings, particularly when it comes to success. All of those Heart Touching Quotes write powerful words that have a significant impact on our lives. It is critical that these discussions inspire us.

Through today’s blog post, we have a collection of wonderful emotional Assamese heart touching quotes! This is the post for you if you’re looking for something to motivate you or make you feel better about yourself.

Assamese Heart Touching Quotes

আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।

গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।

যি হুলস্তূল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যাই সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যাই

আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।

পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব

প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায় কিছুমান শিক্ষা জীৱনেও দি যায়

Assamese Heart Touching Quotes

সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পার্থক্য মাথো এনে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়। আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।

সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।

তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।

যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?

আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।

আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।

Assamese Heart Touching Quotes 2023

জীৱনে এটা সুযোগ সদায় দিয়ে সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ

যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল। সেইদিনা তুমি মোতকৈও বেছি কান্দিবা ।

সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তুু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভালপোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে

জীৱনত নিজৰ লেখীয়া মানুহ কতো নোপোৱা। আৰু যদিও বিচাৰি ফুৰা লাভ নহ’ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল ।

দুখীয়াৰ জীৱন মানেই সংগ্ৰাম বন্ধু আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, ম’বাইলৰ মাজত নাথাকে আমাৰ জীৱন দুশ টকা হাজিৰাৰ মাজতেই সীমিত

দেউতাক টানকৈ কথা কোৱাৰ আগতে দহবাৰ ভাবিবা , কাৰণ দেউতা নথকাতো কিমান কষ্টৰ কথা সেইটো ভাবিবলৈও ভয় লাগে।

Assamese Heart Touching Status

জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয় কিন্তু আচল কথাটো হ’ল আপোনাৰ বাবে কিমানজন সুখী।

মই স্বৰ্গ দেখা নাই কিন্তু মই আইৰ মুখত হাঁ‌হি দেখিছো।

বাস্তৱত বিজয়ী সেইজন মানুহ, যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে

ধনীৰ খং বেছি , দুখীয়াৰ ভোক বেছি , মধ্যবিত্তৰ সপোন বেছি।

তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা। ৰাশিৰ ওপৰত নহয়, কিয়নো ৰাম আৰু ৰাবনৰ ৰাশি একে আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়।

আজিও যেতিয়া স্কুলখনৰ সম্মুখেদি যাওঁ‌, স্কলখনে হাত বাউলী দি মাতে “আহ অলপ পঢ়ি যা, লগৰ লৰাবোৰৰ লগত অলপখেলি যা” সচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল।

Assamese Heart Touching Line

ভাল পোৱাটো বেয়া কথা নহয়, ভাল পোৱাক অপমান কৰাটো বেয়া কথা

কিছুমান মানুহ আছে, যি ভাগ্যত নাথাকিলেও, হৃদয়ত থাকে আজীৱন

মানুহৰ জীৱনটোৰ, জন্মৰ সময়খিনি আনন্দময়। মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়।

এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ শৈশৱ কিয় হেৰাল

গভীৰ নিশা + কাণত হেডফোন + কিছুমান প্রিয় গান = মই ভালে আছোঁ।

আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায়।

Assamese Heart Touching Quotes in 2023

জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।

সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়।

প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটোও প্ৰকৃত ভালপোৱাৰ উদাহৰণ।

তুমি যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছলৈ অপেক্ষা কৰি আছে।

প্ৰেম কৰাটো অপৰাধ, এতিয়া এনেদৰেই নিজকে সান্তনা দিওঁ

সকলো ভাল, অকল মই বেয়া।

Heart Touching Quotes Assamese

অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ।

কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাক তো নাপালোঁ কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত।

অলেখ ভালপোৱা আছে তোমালৈ কিন্তু প্ৰতিদান নিদিওঁ, ছাঁ টোৰ দৰে থাকিম তোমাৰ সতে অথচ দেখুৱাই নিদিওঁ।

যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া, লাজ নতুবা অভীমানত যদি সাঁচি থোৱা মৰমবোৰ সুখী হব কোনদিনা ?

এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভালপায়।

জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।

Heart Touching Quotes in Assamese

গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ’লে পুনৰ উভটি নাহে।

জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাৱি সংঘৰ্ষ কৰি গলেহে সফলতা আহে।

সময়ৰ সোঁতত কিমান পৰ হ’ল আৰু কিমান আপোন, বাস্তৱ আৰু কৰ্তব্যৰ মাজত কৰোৱাৰ হেৰাই গ’ল এসময়ৰ সৰল সপোন।

খং দেখুৱাই BYE কোৱাৰ পিছতো REPLY পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা।

যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই কলেও বুজিব নিবিচাৰে।

প্ৰিয়জনক দামী ঘড়ী উপহাৰ ডিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হব।

যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয় সেয়া আপোনাৰ প্ৰতি ভালপোৱা।

গাঁৱৰ সেই কেঁচা অলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি, গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি, সেইবোৰ এতিয়া স্মৃতি।

Assamese Heart Touching Status

20211005 161047

জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী,

কাৰণ ই এক প্রকাৰৰ শিক্ষা

আৰু এই শিক্ষাই পৰৱতী সমস্যাৰ

লগত যুঁজিবলৈ সাহস দিয়ে।

20211005 161238

নিজকে মানুহৰ পৰা

অলপ সময় আঁতৰাই চোৱা

তুমি মানুহৰ বিষয়ে বহুত কথা

জানিব পাৰিবা।

20211005 161414

সফলতাৰ তিনিটা সূত্র-

১/ বেলেগতকৈ বেছি জানক!

২/ বেলেগতকৈ বেছি কাম কৰক!

৩/ বেলেগতকৈ কম আশা কৰক!

20211005 161555

জ্ঞানী মানুহৰ ভুল ধৰিলে

তুমি হ’বা তেওঁৰ বন্ধু।

মূর্খ মানুহৰ ভুল ধৰিলে

তুমি হ’বা তেওঁৰ শত্রু।

20211005 161714

প্রতিটো কষ্টৰ

অভিজ্ঞতাই আমাৰ বাবে

এটা নতুন শিক্ষা।

Read More

Leave a Comment